newsnextone.com। তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিস্থিত ঐতিহ্যমণ্ডিত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে এক কেৰিয়াৰ কাউঞ্চেলিংৰ এখনি সজাগতা সভা অনুষ্ঠিত হয়।

গুৱাহাটীস্থিত জে.চি.মেক্সৱেল চায়েন্স ইনষ্টিটিউটৰ উদ্যোগত আৰু চিআৰচিচি অভিজিত মণ্ডল, গঞ্জন নন্দন দাস আৰু দীপাংকৰ ভট্টাচাৰ্যৰ সহযোগত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সভাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন বড়োয়ে।

খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু চেইণ্ট জুডচ ইংলিছ স্কুলৰ নৱম আৰু দশম শ্ৰেণীৰ তিনি শতাধিক ছাত্র-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা কেৰিয়াৰ কাউঞ্চেলিংৰ অনুষ্ঠানত সমল ব্যক্তি হিচাাপে উপস্থিত থাকে গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ মানস প্ৰতীম কাকতি, খড়গপুৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ ৰাহুল কুমাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিএইচডি-ৰ ছাত্র সমুজ্জ্বল চহৰীয়া, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পাৰ্থ প্ৰতিম শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিপ্লৱ ৰয় বৰ্মন।

সমল ব্যক্তি সকলে ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত-বিনময় কৰি ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে বুজ লোৱাৰ লগতে তেওঁলোকে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত আজিৰ প্ৰতিযোগিতাৰ যুগত নিজেকে এজন দক্ষ ব্যক্তি হিচাবে আৰু নিজৰ ইচ্ছা অনুসৰি কিদৰে নিজৰ পছন্দৰ কৰ্মসংস্থান নিৰ্বাচন কৰি লব, ভৱিষ্যতে  নিজৰ কেৰিয়াৰ বাছি লৈ কিদৰে নিজকে একো একোজন দেশৰ সুনাগাৰিক হিচাবে গঢ়ি তুলিব সেই বিষয়ে সুন্দৰকৈ বুজাই দিয়ে।

ছাত্ৰ-ছাত্ৰী সকলক উন্নত মানৰ ডিজিটল প্ৰযুক্তিৰে কেৰিয়াৰ সম্পৰ্কীয় তথ্য দাঙি ধৰি অধিক মনোগ্ৰাহী কৰি তোলা দেখা যায়। এনে ধৰণৰ কেৰিয়াৰ কাউঞ্চেলিং সম্পৰ্কীয় সজাগতা সভাই ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত উজ্জ্বল কৰিব বুলি বিদ্যালয় দুখনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকল আশাবাদী বুলি শিক্ষক সকলে মত প্ৰকাশ কৰিছে।