newsnextone.com। তিনিচুকীয়াঃ উজনি অসমৰ তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তৱৰ্তী এখন গাওঁ ২নং সৰু ডিৰাক। কেইজনমান প্ৰকৃতিপ্ৰেমী যুৱকৰ উদ্যোগত থলুৱাভাৱে উপলব্ধ হৈছে আম, কঠাল,জামু,মধুৰি ইত্যাদিৰ ফলমূলৰ পুলি-গুটি সংগ্ৰহ কৰি এখন নাৰ্চাৰী সাজি উলিওৱা কাৰ্যই সেউজ বিপ্লৱৰ সূচনা কৰিছে।

লগতে ভিতৰুৱা অঞ্চলটোত যুৱক সকলে চাকৰিৰ বাবে নাৰ্চাৰী দৰে উদ্যোগ গঢ়ি তোলা কাৰ্যই প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে যুৱক কেইজন ৷ ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ গতি কৰা কুমচাং বনাঞ্চলৰ জীৱ-জন্তু, চৰাই-চিৰিকটি সমূহে অদূৰ ভৱিষ্যতে যাতে খাদ্যৰ অভাৱত পৰিব লগীয়া নহয়, তাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ফলমূলৰ বৃক্ষ ৰোপণ কৰি প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ লগতে বনাঞ্চলখনক সৰ্বাংগসুন্দৰ আৰু আকৰ্ষণীয় ৰূপত গঢ় দি পৰ্যটনৰ এক কেন্দ্ৰবিন্দু  হিচাপে পৰিচিত কৰোৱাটো তেওঁলোকৰ লক্ষ্য৷

উল্লেখ্য যে কুমচাং বনাঞ্চলৰ অন্তৰ্গত কুহাৰী বিল, মিৰিজান আৰু হাতীঘূলীত দেশী-বিদেশী পৰিভ্ৰমী চৰাই যেনে,দেওহাঁহ, শৰালিহাঁহ, ৰাজহাঁহ, ৰাংকং, ঘিলাহাঁহ, ডৰিক, হেতেকতেকীয়াৰ উপৰি আপুৰুগীয়া শিলকাছৰ বাবে পৰিচিত এই অঞ্চলটো৷ বিশেষকৈ হলৌ বান্দৰৰ বিচৰণৰ বাবে উপযুক্ত বুলি বিবেচিত এই কুমচাং বনাঞ্চলত বাঘ, হৰিণ, বান্দৰ, গুইঁ আদি বিদ্যমান ৷

এসময়ত আলফা আৰু সেনাৰ ৰণস্থলী হিচাপে পৰিচয় লাভ কৰা আৰু নিষিদ্ধ সংগঠনৰ লুকাভাকু খ্যাত এই বনাঞ্চলৰ কাষৰীয়া গাওঁবোৰৰ যাতায়ত এতিয়াও এতিয়াও অতিশয় দুখলগা ৷ দেশে স্বাধীনতা লাভ কৰা প্ৰায় ৭২ টা বছৰ উকলি যোৱাৰ পাছতো আজিও দূৰ্গম অঞ্চলৰূপে খ্যাত যদিও বানগৰকা ধোৱা প্ৰকৃত গাৱঁলীয়া জীৱনৰ মাদকতা আৰু সংগ্ৰাম কিন্তু থমকি ৰোৱা নাই ৷ অঞ্চলটোৰ অন্য এক বিশেষত্ব যে ইয়াত উৎপাদিত থলুৱা অসমীয়াৰ শাক-পাচলি তিনিচুকীয়া, দুলীয়াজান, ডিব্ৰুগড়, যোৰহাট, মাকুম, ডুমডুমা, ধলা, কাকপথাৰ আদি বজাৰত চাহিদা যথেষ্ট বেছি।

প্ৰতিজন গ্ৰাহকেই জৈৱিক সাৰেৰে উৎপাদিত সামগ্ৰীৰ অপেক্ষাত থাকে ৷ ইতিমধ্যে ২নং ডিৰাক অঞ্চলটো কাজিনেমু খেতিৰ অঞ্চল বুলি অসম কৃষি বিশ্ববিদ্যালয়ৰ তিনিচুকীয়া শাখাই স্বীকৃতি প্ৰদান কৰিছে। লগতে এই অঞ্চলৰ নেমু অসম লগতে বহিঃৰাজ্যলৈও ৰপ্তানি হৈছে ৷

কোনো চৰকাৰী সাহায্য নোহোৱাকৈয়ে এই অঞ্চলটোৰ ৰাইজে কৃষিৰ ক্ষেত্ৰত যি এক জাগৰণ আনি আৰ্থিকভাৱে স্বচ্ছল হোৱাৰ লগতে স্বাৱলম্বীতাৰ পথ দেখুৱাইছে তেনেক্ষেত্ৰত চৰকাৰী সা-সুবিধা প্ৰদান কৰা আৰু বাট-পথৰ সুগম  কৰিলে আৰু অধিক উন্নতি আৰু বিশাল বজাৰ লাভ কৰাৰ সম্ভাৱনা প্ৰচুৰ ৷

যি সময়ত বৰ্হিঃৰাজ্যৰ ফৰ্মেলিন যুক্ত বিষাক্ত মাছেৰে বজাৰ ভৰি পৰিছে সেই সময়ত মীন বিভাগে সঠিক পদক্ষেপ গ্ৰহণ কৰি এই অঞ্চলটোয়ে মীন বিপ্লৱৰো সুচনা কৰিব পাৰিব, লাগে মাথো চৰকাৰৰ আন্তৰিক সদিচ্ছা ৷ ন-দিহিং নদীৰ পানী মীন পালন, জলসিঞ্চন আদিলৈ ব্যৱহাৰৰ বাবে আঁচনি গ্ৰহণ কৰিলে কাকপথাৰৰ পৰা ডিৰাক গেটলৈকে ন-দিহিং অভিশাপ নহৈ আশীৰ্বাদহে হৈ পৰিব ৷

নিভাঁজ অসমীয়াই বাসকৰা কাকপথাৰৰ পৰা ডিৰাক অঞ্চলটো হৈ পৰিব শাক-পাচলি, নেমু, মাছ, পৰ্যটন, বিভিন্ন শস্য উৎপাদনেৰে চহকী অঞ্চল ৷ এই সকলোবোৰ সঠিকভাৱে সম্ভৱপৰ হৈ পৰিব যদিহে চৰকাৰে সহায়-সহযোগীতা আগবঢ়াই।