newsnextone.com।কাকপথাৰঃ কাকপথাৰ আৰক্ষীয়ে শুকুৰবাৰে এখন চোৰাং কাঠৰ গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ হোৱা এএচ-২৩ বিচি০৩৭৯ নম্বৰৰ ডিআই গাড়ীখনেৰে অৰুণাচল প্ৰদেশৰ পৰা কাঠখিনি আনি থাকোতে বিশেষ সুত্ৰৰ পম খেদি কাঠসহ কাকপথাৰ আৰক্ষীয়ে গাড়ীখন জব্দ কৰে ৷

কাঠখিনি কাকপথাৰ থানাৰ অন্তৰ্গত মৃডংপাৰা নামৰ গাৱঁখনৰ দুজন যুৱকে আনিছিল বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে গাড়ীখন জব্দ কৰি বন বিভাগৰ লোকক চমজাই দিছে ৷ গাড়ীসহ গাড়ীখনত থকা সকলো কাঠ ইতিমধ্যে বন বিভাগে চমজি লৈ গোচৰ ৰুজু কৰিছে বুলি জানিবলৈ দিছে ৷

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ পৰা ডিৰাক গেট হৈ কাকপথাৰ ৰূপাইৰ লৈকে উক্ত পথছোৱাত চোৰাং বনজ সম্পদৰ অবৈধ ব্যৱসায় চলি আছে বুলি বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকাৰ সময়তে এই গাড়ীখন জব্দ হোৱাৰ ঘটনাই সত্যতা প্ৰমাণিত কৰিলে ৷ এনে দৰে অবৈধ ভাবে চলি থকা চোৰাং বনজ সম্পদৰ ব্যৱসায়ীৰ ওপৰত প্ৰকাশনে কেনে ব্যৱস্থা লব সেইয়াহে লক্ষণীয় হব ৷