newsnextone.com | গুৱাহাটীঃ সভ্য সমাজক কলংকিত কৰা ডাইনী কাণ্ডৰ কৱলত পৰি বহু লোকে প্ৰাণ হেৰুৱালে এইখন অসমত৷ জাতীয়-জনগোষ্ঠীয় ছাত্ৰ নেতাই বোল ছবিত অভিনয় কৰি ডাইনী কাণ্ডৰ বিৰুদ্ধে সমাজক মেচেজ দিয়াৰ পিছতো পুনৰ ডাইনী কাণ্ড সংঘটিত হৈ আহিছে ৰাজ্যত৷ একৈশ শতিকাত তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ আমুল উত্তৰণৰ সময়তে এচাম অন্ধবিশ্বাসী লোকে ডাইনী সন্দেহত দৰিদ্ৰ দম্পতি, সাধাৰণ শ্ৰমিক, যুৱতী, মহিলাক নিৰ্যাতন চলােৱাৰ ঘটনা প্ৰায়ে পোহৰলৈ আহে৷

তদানীন্তন তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনত ২০০০ চনৰ পৰা ২০১৫ চনলৈ অসমত ১৩০টা ডাইনী কাণ্ড সংঘটিত হৈছিল৷ এই কাণ্ডত মৃত্যুবৰণ কৰিছিল প্ৰায় ৫০গৰাকী লোকে৷ কোকৰাঝাৰ, ওদালগুৰি, চিৰাং, শোণিতপুৰ আদি জিলাত এই কাণ্ড সংঘটিত হয়৷ 

যাৰ ফলত তৰুণ গগৈয়ে ৰাজ্যৰ গ্ৰাম্য এলেকাৰ লোকক সুৰক্ষা দিয়াত বিফল হোৱাৰ লগতে সমাজৰ সকলো প্ৰকাৰৰ লোকে ডাইনী কাণ্ড ৰোধ কৰাৰ দাবী জনাইছিল৷ সমাজৰ পৰা অন্ধবিশ্বাস ৰোধ কৰিবৰ বাবে এখন শক্তিশালী আইন তৈয়াৰ কৰাৰ দাবী জনাইছিল৷ বিভিন্ন পক্ষৰ দাবীৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ২০১৫ চনত অসম বিধান সভাত উত্থাপন কৰা হৈছিল এখন বিধেয়ক৷ বিধানসভাত বিধেয়ক খন গৃহীত কৰি অনুমোদৰ বাবে প্ৰেৰণ কৰা হৈছিল দেশৰ ৰাষ্ট্ৰপতিৰ ওচৰলৈ৷ পূৰ্বৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকালত আইনত অনুমোদন জনোৱা হোৱা নাছিল যদিও পৰৱৰ্তী ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে আইনত অনুমোদন জনায় শনিবাৰে৷

অসমৰ ডাইনী সমস্যা নিয়ন্ত্ৰণৰ বাবে অসম বিধান সভাত ডাইনী অপৰাধ সন্দৰ্ভত নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষা প্ৰদান আইন, ২০১৫ গৃহীত হৈছিল। ডাইনী কাণ্ড দিনে দিনে বৃদ্ধি পোৱাত চৰকাৰে এই পদক্ষেপ লোৱাৰ বাবে এই আইনখন তৈয়াৰ কৰিছিল৷ ডাইনী হত্যা প্ৰতিৰোধ আইন-২০১৫ত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱাৰ পিছতে  ডাইনী কাণ্ডৰ সৈতে জড়িত লোকে জামিন সহজে লাভ নকৰাৰ লগতে, কোনো লোকে নতুবা সমাজে ডাইনী বুলি কোনো লোকক অভিযোগ উত্থাপন কৰিলে গ্ৰেপ্তাৰ কৰাৰ লগতে সশ্ৰম কাৰাদণ্ড বিহিব পৰা ব্যৱস্থা থাকিব৷ ডাইনী কাণ্ডৰ অভিযুক্তই দোষী সাব্যস্ত হলে ৭ বছৰ কাৰাবাস আৰু নগদ ধন জৰিমণা বিহিব পাৰিব আদালতে৷ ৫ লাখ পৰ্যন্ত জৰিমণা ভৰাব পাৰিব আদালতে৷