newsnextone.com। পশ্চিম নলবাৰীঃ অসম শৈক্ষিক সমিতিৰ উদোগত প্ৰতিষ্ঠা লাভ কৰা অসম একাডেমী নলবাৰীত আজি দিন বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়।কাৰ্যসূচী অনুসৰি পুৱা প্ৰাৰ্থনা সভাৰ পিছতে ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তী আৰু মাল্যাৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয় তাৰ পিছত পৰিচালনা সমিতিৰ তৰফৰ পৰা বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলক বিশেষভাবে সম্বৰ্ধনা জনায়।

তাৰ পিছতে অধ্যক্ষ ৰমানাথ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আমন্ত্ৰিত ব্যক্তি হিচাপে বক্তব্য আগবঢ়ায় বিদ্য়ালয় পৰিচালনা সমিতিৰ সভাপতি অনূকুল শৰ্মাই। ভাষণ প্ৰসংগত তেওঁ ৰাধা কৃষ্ণণৰ দৰ্শন আৰু শিক্ষক দিৱসৰ তাৎপৰ্যৰ বিষয়ে বক্তব্য আগবঢ়ায়।

সভাত আমন্ত্ৰিত ব্যক্তি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ শিক্ষয়ত্রী মণিকা তালুকদাৰ শিক্ষক গণেশ দত্ত। সভাত শিক্ষক শিক্ষয়িত্রীৰ লগতে ছাত্র-ছাত্রী সকলে ৰাধাকৃষ্ণণৰ ওপৰত বক্তব্য আগবঢ়ায়। দিৱসৰ লগত সংগতি ৰাখি ছাত্র-ছাত্রী সকলে কেক কাটে। সভাৰ শেষত জাতীয় সংগীতেৰে অনুষ্ঠানটোৰ সামৰণি মৰা হয়।