newsnextone.com। খাৰুপেটীয়াঃ বিশ্ব বিশ্ৰুত দাৰ্শনিক পণ্ডিত তথা ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত ৫ চেপ্তেম্বৰত আয়োজিত শিক্ষক দিৱস উপলক্ষে দৰঙৰ জিলা প্ৰশাসনে জিলাখনৰ ১৫ গৰাকীকৈ শিক্ষকক কৃতী শিক্ষক ৰূপে সন্মনিত কৰিব। দৰং জিলা প্ৰশাসনে জিলা ভিত্তিক মূল অনুষ্ঠানৰ আয়োজন কৰিছে আউলাচৌকাস্থিত ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।

পুৱা দহ বজাত বন্তি প্ৰজ্বলনেৰে, ডঃ ৰাধাকৃষ্ণণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন, মুকলি সভা, স্মৰণিকা উন্মোচন আৰু কৃতী শিক্ষকৰ বঁটা প্ৰদান আদি বিভিন্ন কাৰ্যসূচীৰে জিলা প্ৰশাসনে ৫৭তম শিক্ষক দিৱসৰ দিনটি উদযাপন কৰিব।

অনুষ্ঠানত দৰঙৰ উপাযুক্ত অশোক কুমাৰ বৰ্মন, অতিৰিক্ত উপায়ুক্ত নৰনাৰায়ণ নাথ, জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক নগেন চন্দ্ৰ বড়ো উপস্থিত থাকিব। আনহাতে জিলাখনৰ চাৰিওগৰাকী বিধায়ক বিনন্দ কুমাৰ শইকীয়া, গুৰুজ্যোতি দাস, ইলিয়াছ আলী আৰু মহেশ্বৰ বড়ো আমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰিব।নিৰ্দ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰিব অধ্যাপক ডঃ যোগেশ চন্দ্ৰ কলিতাই।

উক্ত অনুষ্ঠানত জিলাখনৰ ১৫ গৰাকী শিক্ষকক কৃতী শিক্ষক ৰূপে সন্মানিত কৰা হব।  জিলা প্ৰশাসনৰ ফালৰ পৰা সন্মান জনাবলগীয়া শিক্ষকসকল হৈছে, খাৰুপেটীয়া টাউন গাৰ্লচ হাই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী পিউ নন্দী, সাতখুলি হাতীমূৰীয়া হাইস্কুলৰ সহ শিক্ষক ডম্বৰুধৰ চহৰীয়া, নগাওঁ জনতা হাইস্কুলৰ প্ৰধান শিক্ষক অদিত চন্দ্ৰ বৰুৱা,পৰমানন্দ বৰদলৈ (সহঃশিক্ষক ভকতপাৰা হাই স্কুল),শিখা দত্ত (সহঃশিক্ষক ডাঁহী হাইস্কুল),চামচুল হক (বদলিচৰ এম ই মাদ্ৰাছা),প্ৰদীপ চন্দ্ৰ নাথ (প্ৰঃশিঃ ৰামহৰি এল পি), নিৰ্মালা বৰুৱা (সহঃশিক্ষক দৌলগুৰি এল পি), হবিবুৰ ৰহমান (প্ৰঃ শিঃ দক্ষিণ বেছিমাৰী এল পি), আশীষ ৰয় (প্ৰঃশিঃ খাৰুপেটীয়া চেণ্ট্ৰেল টাউন এল পি), জান সাহমুদ (সহঃ শিঃ শালিকাঝাৰ), ডঃ বুদ্ধিন চন্দ্ৰ হাজৰিকা (অধ্যক্ষ খাৰুপেটীয়া কলেজ), ডঃ প্ৰদীপ চন্দ্ৰ ডেকা(অধ্যক্ষ চিপাঝাৰ কলেজ),দিলীপ শৰ্মা (বিষয় শিক্ষক দুনী হায়াৰ চেকেণ্ডাৰী) আৰু কুশল শইকীয়া (বিষয় শিক্ষক গান্ধী স্মৃতি হায়াৰ চেকেণ্ডাৰী)।