নতুন দিল্লীঃ ইৰাণত থকা ভাৰতীয়সকলৰ ২৫০ৰো অধিক লোক কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। সংবাদ প্ৰতিষ্ঠানত প্ৰকাশিত বাতৰি অনুযায়ী ভাৰতৰ পৰা ইৰাণলৈ যোৱা বিশেষজ্ঞ চিকিৎসকে প্ৰস্তুত কৰা আক্ৰান্তৰ তালিকাত এইসকল লোকৰ নাম উল্লেখ কৰা হৈছে। অৱশ্যে এই বাতৰিৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে।

Categories: 

লাডাখঃ কৰ’না ভাইৰাছক লৈ দেশজুৰি সতৰ্কতামূলক পদক্ষেপ অব্যাহত থকাৰ মাজতে প্ৰথমবাৰৰ বাবে এগৰাকী ভাৰতীয় সেনাৰ জোৱানৰ দেহত পজিটিভ ধৰা পৰিছে। ইতিমধ্যে কৰ’না আক্ৰান্ত সেনা জোৱানজনক আইছ’লেশ্যনত ৰখাৰ ব্যৱস্থা কৰা হৈছে। 

কেবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী কৰ’নাৰ দ্বাৰা সংক্ৰমিত হোৱা ভাৰতীয় সেনাবাহিনীৰ জোৱানজন লাডাখত কৰ্মৰত হৈ আছিল। "Snow Warriors" নামেৰে জনাজাত লাডাখ স্কাউটৰ জোৱানজনৰ পিতৃ যোৱা ২৭ ফেব্ৰুৱাৰীত ইৰাণৰ পৰা দেশলৈ উভতিছিল। পিতৃ উভতাৰ সময়ত কেজুৱেল লিভত ঘৰতে আছিল জোৱানজন। ইয়াৰ পিছতে যোৱা ২ মাৰ্চত পুনৰ কৰ্তব্যত যোগ দিছিল তেওঁ।

Categories: 

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী লাওপানী আৰু উল্টাপানীৰ মাজত মঙলবাৰে কোকৰাঝাৰ আৰক্ষী আৰু ভাৰতীয় সেনাই যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বিটিচি নিৰ্বাচনৰ পূৰ্বে কোকৰাঝাৰ আৰক্ষীয়ে পুতি থোৱা অৱস্থাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। 

কি কি অস্ত্ৰ উদ্ধাৰ হ’ল অভিযানত?

Categories: 

কলকাতাঃ অৱশেষত চুবুৰীয়া পশ্চিমবংগ আহি পালে সমগ্ৰ বিশ্ববাসীক আতংকিত কৰি ৰখা মাৰাত্মক কৰ’না ভাইৰাছ। ইমানদিনে কৰ’না সন্দেহত পশ্চিমবংগত কেবাজনো লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও কাৰো দেহত ৰোগবিধ ধৰা পৰা নাছিল। কিন্তু মঙলবাৰে নিশাৰ ভাগত ইংলেণ্ডৰ পৰা ওভতা এজন যুৱকৰ দেহত ধৰা পৰে covid-19ৰ সংক্ৰমণ। ইতিমধ্যে যুৱকজনক বেলেঘাটা আইডি হাস্পতালত বিশেষ আইছ’লেশ্যন ৱাৰ্ডত ৰখাৰ ব্যৱস্থা কৰিছে পশ্চিমবংগৰ স্বাস্থ্য বিভাগে।

Categories: 

নগাঁওঃ মৰিগাঁও জিলাৰ নগাবন্ধা মিনি ষ্টেডিয়ামত  ইয়ং ষ্টাৰ ক্লাৱ আৰু নগাবন্ধা গ্ৰাম্য আৰ্থ-সামাজিক উন্নয়ন সংঘৰ উদ্যোগত চলি থকা ২২ সংখ্যক সদৌ অসম প্ৰাইজমানি  ক্ৰিকেট প্ৰতিযোগিতাত ডিফেণ্ডিং চেম্পিয়ন মৈৰাবাৰীৰ ভিক্ট'ৰিয়া ক্ৰিকেট ক্লাৱে অগ্ৰগতি লাভ কৰিছে। এই প্ৰতিযোগিতাৰ আজিৰ খেলত মৈৰাবাৰীৰ ভিক্ট'ৰিয়া ক্ৰিকেট ক্লাৱে নগাবন্ধা ইলেভেন ষ্টাৰ ক্লাৱক ১৬১ ৰানত বিধ্বস্ত কৰে।

Categories: 

কাজিৰঙাঃ কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত পৰ্যটকৰ প্ৰৱেশ বন্ধ ঘোষণা কৰাৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি সংঘটিত হয় এক অঘটন। প্ৰাপ্ত খবৰ অনুযায়ী কৰ্তব্যৰত অৱস্থাতে গঁড়ৰ অপ্ৰত্যাশিত আক্ৰমণত থিতাতে মৃত্যুক সাৱতি ল’বলগীয়া হয় এজন বনকৰ্মীয়ে। গঁড়ৰ আক্ৰমণত মৃত্যুক সাৱতি লোৱা বনকৰ্মীজনৰ নাম বৃকোদৰ বৰা বুলি জানিবলৈ দিছে উদ্যান কৰ্তৃপক্ষই।

কেনেদৰে সংঘটিত হৈছিল এই অঘটন?

Categories: 

ৰঙাপৰাঃ সমগ্ৰ বিশ্বতে ভয়াৱহ ৰূপ ধাৰণ কৰা কৰ'না ভাইৰাছক লৈ সৃষ্টি হোৱা আতংকৰ পৰা মুক্ত হ'ব পৰা নাই শোণিতপুৰ জিলাৰ ৰঙাপৰাও। আজি ৰঙাপৰা ৰেলৱে ষ্টেচনত পুৱা ৯ বজাত নামনিমুৱা ৰঙিয়া-ডেকাৰগাঁও অভিমুখী যাত্ৰীবাহী ৰেলখন ৰঙাপৰা ৰেলৱে ষ্টেশ্যন আহি পোৱাৰ পাছতে ৰঙাপৰা ৰেলৱে চিকিৎসালয়ৰ মুখ্য চিকিৎসক ডাঃ ৰামকেশ প্ৰসাদৰ নেতৃত্বত এটি চিকিৎসকৰ দলে ৰেলখনত অহা প্ৰতিগৰাকী যাত্ৰীক উত্তাপ নিৰীক্ষণ যন্ত্ৰৰে স্বাস্থ্য পৰীক্ষা কৰে।

Categories: 

কাজিৰঙাঃ ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ নেহৰু যুৱকেন্দ্ৰ গোলাঘাটৰ উদ্যোগত যোৱা ১১, ১২ আৰু ১৩ মাৰ্চত গোলাঘাটৰ এ.ভি.ভি. হলত অনুষ্ঠিত হয় যুৱ দক্ষতা বিকাশ প্ৰশিক্ষণ৷ নেহৰু যুৱকেন্দ্ৰৰ সমন্বয়ক শুভম শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত “যুৱ নেতৃত্ব আৰু জাতীয় উন্নয়ন” শীৰ্ষক তিনিদিনীয়া প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডা° শ্ৰীবৎস গোপাল গোস্বামীয়ে।

Categories: 

গুৱাহাটীঃ অসম গণিত শিক্ষায়তন,বৰপেটা শাখাৰ উদ্যোগত আৰু বৰনগৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহযোগত সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত আন্ত:ৰাষ্ট্ৰীয় গণিত দিৱস অনুষ্ঠিত কৰা হয়৷ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমবেত সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে অসম গণিত শিক্ষায়তন, বৰপেটা শাখাৰ সভাপতি তথা বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰৱৰ্তীয়ে৷

গোৱালপাৰাঃ গোৱালপাৰা চহৰৰ মাজমজিয়াত পঞ্চৰত্ন ৰোডত থকা ইলিজেন্ট গেছ চাৰ্ভিছৰ গুদামৰ সন্মুখত  পাৰ্কিং কৰি ৰখা দুখন পৰিত্যক্ত যাত্ৰীবাহী বাছত সোমবাৰে মাজনিশা দুৰ্বৃত্তই অগ্নিসংযোগ কৰে৷ গোৱালপাৰা অগ্নি নিৰ্ব্বাপক বাহিনীয়ে  অতি তৎপৰতাৰে দাউ দাউকৈ জ্বলি থকা বাছ দুখনৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

জুইত জাহ যোৱা বাছ দুখনৰ নম্বৰ হৈছে এ এছ ১৮ চি ২৩২৯ আৰু এ এছ ২৫ বিচি ১৬৯২৷ স্থানীয় লোকসকলে জনোৱা মতে ৪৬ নং ৰাজ্যিক ঘাইপথত দীৰ্ঘদিন ধৰি পাৰ্কিং কৰি ৰখাই থোৱা আছিল এই দুখন বাছ।

Categories: 

Pages